
শৰীৰৰ বিভিন্ন স্হানত কেন্সাৰ হব পাৰে আৰু ইয়াৰ ধৰনো বিভিন্ন হব পাৰে ৷ কিন্ত্ত যিয়েই নহওক কিয়, ইয়াৰ ফলত শৰীৰত অতি বেয়া প্ৰভাৱ পৰে। কিছুমান ক্ষেত্ৰত বহু কেন্সাৰ ৰোগীয়ে এই ভয়াৱহ ৰোগক জয় কৰিবলৈ সক্ষম হৈছে যদিও বেছিভাগ ক্ষেত্ৰতে ই মাৰাত্মক বুলি প্ৰমাণিত হয়।
আপোনালোকে জানেনে! প্ৰতি বছৰে ভাৰতত ৩ৰ পৰা ৬ শতাংশ লোকে ডিঙিৰ কৰ্কট ৰোগৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হয়। উল্লেখযোগ্য যে ডিঙিৰ কৰ্কট ৰোগত মহিলাতকৈ পুৰুষৰ মৃত্যু বেছি হয়।
এই ভয়াৱহ ৰোগৰ বাবে প্ৰাণ হেৰুৱাৰ এটা প্ৰধান কাৰণ হৈছে প্ৰাৰম্ভিক পৰ্যায়ত মানুহে ডিঙিৰ কৰ্কট ৰোগ চিনাক্ত কৰিব নোৱাৰে বা ইয়াৰ লক্ষণসমূহৰ বিষয়ে সজাগ নহয়। গতিকে, আজি এই লেখাটোৰ জৰিয়তে ডিঙিৰ কৰ্কট ৰোগৰ বা Eshophogus cancer ৰ বিষয়ে বিতংকৈ জানি সজাগ হবলৈ চেষ্টা কৰো আঁহক।
খাদ্যনলী (Esophagus) হৈছে ডিঙিৰ পৰা পেটলৈকে যোৱা এটা দীঘল ফোপোলা, পেশীবহুল নলী। খাদ্যনলীৰদ্বাৰা গিলি লোৱা খাদ্য আৰু তৰল পদাৰ্থ ডিঙিৰ মাজেৰে আৰু পাচনতন্ত্ৰলৈ লৈ যোৱাত সহায় কৰে।
সাধাৰণতে খাদ্যনলীৰ ভিতৰৰ অংশৰ আৰ্দ্ৰ আৱৰণ (mucosa) গঠন কৰা কোষবোৰত খাদ্যনলীৰ কৰ্কট ৰোগ আৰম্ভ হয়। খাদ্যনলীৰ কৰ্কট ৰোগ বৃদ্ধি পালে য খাদ্যনলীৰ আৱৰণৰ বাহিৰলৈ বিয়পি যাব পাৰে আৰু খাদ্যনলীৰ বাহিৰৰ স্তৰ আৰু ওচৰৰ লিম্ফ ন’ড (lymph nodes) কো সাঙুৰি লব পাৰে। লসিকা তন্ত্ৰ বা lymphatic system ত প্ৰৱেশ কৰাৰ পিছত খাদ্যনলীৰ কৰ্কট ৰোগ গোটিই শৰীৰত বিয়পি পৰিব পাৰে আৰু অন্যান্য অংগ আৰু কলালৈ বিয়পি যাব পাৰে।
খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰকাৰ

যিহেতু খাদ্যনলী দুবিধ কোষৰ ভিতৰত যিকোনো এটাৰে আবৃত হ’ব পাৰে— gland cells বা squamous cells , গতিকে খাদ্যনলীৰ কৰ্কট ৰোগ কোষৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি শ্ৰেণীভুক্ত কৰা হয়। খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰকাৰে ৰোগীৰ চিকিৎসাৰ বিকল্প নিৰ্ধাৰণ কৰাত সহায় কৰে। খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰকাৰসমূহ হ’ল-
১) এডিন’কাৰ্চিনোমা – Adenocarcinoma
খাদ্যনলীৰ আৱৰণৰ শ্লেষ্মা গঠনকাৰী গ্ৰন্থি কোষসমূহত এডিন’কাৰ্চিনোমাগঠন হয়৷ প্ৰায়ে খাদ্যনলীৰ তলৰ অংশত বা পেটৰ ওচৰত এডিন’কাৰ্চিনোমা আৰম্ভ হয়। কিছুমান অৱস্থাত, যেনে Barrett’s esophagus, গ্ৰন্থি কোষে খাদ্যনলীৰ তলৰ অংশৰ স্ক্ৱামাছ (squamous) কোষৰ ঠাই ল’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত এডিন’কাৰ্চিনোমা হ’ব পাৰে। সেইদৰে ক্ৰনিক এচিড ৰিফ্লাক্স, gastroesophageal reflux disease – GERD আৰু ক্ৰনিক হাৰ্টবাৰ্নে এডিন’কাৰ্চিনোমা হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
আমেৰিকাত খাদ্যনলীৰ কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ ৰূপ হৈছে এডিন’কাৰ্চিনোমা। ইয়াৰ প্ৰভাৱ বেছিকৈ বগা পুৰুষৰ ওপৰত পৰে।
২) স্ক্ৱামাছ চেল কাৰ্চিনোমা- Squamous Cell Carcinoma
খাদ্যনলীৰ ভিতৰৰ স্তৰ (শ্লেষ্মা-musosa) সাধাৰণতে squamous কোষেৰে আবৃত। সেয়ে এই কোষবোৰৰ পৰা আৰম্ভ হোৱা কেন্সাৰক Squamous Cell Carcinoma বোলা হয়। এই ধৰণৰ কেন্সাৰ খাদ্যনলীৰ যিকোনো ঠাইত হ’ব পাৰে যদিও ডিঙিৰ ওচৰত (cervical esophagus) আৰু বুকুৰ ওপৰৰ দুই তৃতীয়াংশ (upper and middle thoracic esophagus)ত বেছিকৈ দেখা যায়।
৩) অন্যান্য বিৰল প্ৰকাৰ
খাদ্যনলীৰ কৰ্কট ৰোগৰ কিছুমান বিৰল ৰূপ হ’ল- Small cell carcinoma, Sarcoma, Lymphoma, Melanoma আৰু Choriocarcinoma.
খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ কাৰণ কি? -What Causes Esophageal Cancer?
খাদ্যনলীৰ কৰ্কট ৰোগৰ সঠিক কাৰণ কি এইবিষয়ে
বৰ্তমান এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই । কিন্তু কিছুমান বিশেষ বিপদজনক কাৰনৰ ফলত খাদ্যনলীৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷
বিজ্ঞানীসকলৰ মতে গুটখা, ধঁপাত বা মদ্যপানৰ দৰে কিছুমান অস্বাস্থ্যকৰ কাৰকে খাদ্যনলীৰ ভিতৰৰ অংশৰ কোষৰ DNAৰ ক্ষতিসাধন কৰি খাদ্যনলীৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে। তদুপৰি reflux, Barrett’s esophagus, achalasia, Plummer-Vinson syndrome দৰে খাদ্যনলীৰ আৱৰণৰ দীৰ্ঘদিনীয়া বিষ হ’লেও DNAৰ ক্ষতি হ’ব পাৰে।
DNA হৈছে আমাৰ প্ৰতিটো কোষত থকা ৰাসায়নিক পদাৰ্থ যিয়ে আমাৰ জিন গঠন কৰে – যিয়ে আমাৰ কোষবোৰে কেনেধৰণে কাম কৰিব সেইটো নিয়ন্ত্ৰণ কৰে। সাধাৰণতে আমি পিতৃ-মাতৃৰ দৰে দেখা যায় কাৰণ তেওঁলোক আমাৰ ডি এন এৰ উৎস। কিন্তু আমাৰ চেহেৰাতকৈ ডি এন এয়ে বেছি প্ৰভাৱ পেলায়।
কিছুমান জিনে কোষবোৰ কেতিয়া বৃদ্ধি পাব লাগে, নতুন কোষত বিভক্ত হব লাগে আৰু মৃত্যু হব লাগে এইসমূহো নিয়ন্ত্ৰণ কৰে। কোষৰ বৃদ্ধি, বিভাজন আৰু জীয়াই থকাত সহায় কৰা এইসমূহ জিনক oncogenes বোলা হয়।
কোষ বিভাজন নিয়ন্ত্ৰণত ৰখাত সহায় কৰা বা সঠিক সময়ত কোষৰ মৃত্যুৰ কাৰণ হোৱা জিনবোৰক tumor suppressor genes বোলা হয়।
DNA mutation (পৰিৱৰ্তন)ৰ ফলত oncogenes মুকলি হয় বা tumor suppressor genes বন্ধ হয় , ইয়াৰ ফলত কোষবোৰ নিয়ন্ত্ৰণৰ বাহিৰত বৃদ্ধি পায়।
এই পৰিবৰ্তনৰ ফলত কেন্সাৰ হব পাৰে৷ সাধাৰণতে খাদ্যনলীৰ কৰ্কট ৰোগ হব কাৰনে বহুতো ভিন্ন জিনৰ পৰিৱৰ্তনৰ প্ৰয়োজন হয়।
খাদ্যনলীৰ কৰ্কট কোষৰ DNAত প্ৰায়ে বহুতো ভিন্ন জিনৰ পৰিৱৰ্তন দেখা গলেও নিৰ্দিষ্ট কোনো জিন পৰিৱৰ্তন ফলতে যে খাদ্যনলীৰ কৰ্কট ৰোগ হয় সেয়া স্পষ্ট নহয়।
জিনৰ পৰিৱৰ্তনে কেনেকৈ কেন্সাৰলৈ লৈ যাব পাৰে সেই বিষয়ে অধিক জানো আঁহক৷
উত্তৰাধিকাৰী সূত্ৰে পোৱা জিনৰ মিউটেচন – Inherited gene mutations

কিছুমান DNA মিউটেচন বা পৰিবৰ্তন গোটেই পৰিয়ালত বিয়পিব পাৰে আৰু প্ৰতিজন ব্যক্তিৰ কোষতে পোৱা যায়। এইবোৰক “উত্তৰাধিকাৰীসূত্ৰে পোৱা মিউটেচন“ বোলা হয়। কিন্ত্ত অতি কম সংখ্যক খাদ্যনলীৰ কৰ্কট ৰোগ উত্তৰাধিকাৰীসূত্ৰে পোৱা জিনৰ মিউটেচনৰ ফলত হয়। এনে কিছুমান DNA পৰিৱৰ্তন আৰু কোষৰ বৃদ্ধিত ইয়াৰ প্ৰভাৱ ইতিমধ্যে আৱিষ্কাৰ কৰা হৈছে আৰু ইয়াৰ ওপৰত অধিক চৰ্চা চলি আছে। উদাহৰণ স্বৰূপে:
খাদ্যনলীৰ কৰ্কট ৰোগৰ সৈতে Tylosis – RHBDF2 জিনৰ বংশগত পৰিৱৰ্তনৰ ফলত হয়। ইয়াক কেতিয়াবা Howel-Evans syndrome বুলিও কোৱা হয় এই জিনৰ পৰিৱৰ্তন হোৱা লোকসকলৰ খাদ্যনলীৰ কৰ্কট ৰোগ স্ক্ৱামাছ চেলত হোৱাৰ আশংকা বেছি থাকে।
Bloom syndrome-
BLM জিনৰ পৰিৱৰ্তনৰ ফলত Bloom syndrome হয়। BLM জিন একধৰণৰ প্রটিন তৈয়াৰ কৰাত গুৰুত্বপূর্ণ যি কোষ বিভাজনৰ সময়ত DNA ক স্থিতিশীল কৰি ৰাখে। এই প্ৰটিন অবিহনে DNA ক্ষতিগ্ৰস্হ হ’ব পাৰে, যাৰ ফলত কেন্সাৰ হ’ব পাৰে। Bloom syndrome ৰোগীৰ স্ক্ৱামাছ চেলত কেন্সাৰ হোৱাৰ লগতে AML, ALL আৰু লিম্ফ চিষ্টেমৰ সৈতে জড়িত অন্যান্য কেন্সাৰ হোৱাৰ আশংকা বেছি হয়। এই চিনড্ৰমত পিতৃ-মাতৃ দুয়োৰে পৰাই এক অস্বাভাৱিক জিন উত্তৰাধিকাৰী সূত্ৰে পোৱা যায়।
Fanconi anemia-
Fanconi anemia হৈছে এক বিৰল চিনড্ৰম৷ য’ত এনে অস্বাভাৱিক জিন জড়িত হৈ থাকে যিয়ে ক্ষতিগ্ৰস্ত DNA মেৰামতি কৰিব নোৱাৰে।
Familial Barrett’s Esophagus –
ই হৈছে এনে এটা চিনড্ৰম য’ত Barrett’s esophagus আৰু adenocarcinoma অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ লগত জড়িত সঠিক জিনসমূহৰ বিষয়ে এতিয়াও অধ্যয়ন চলি আছে।
আহৰন কৰা জিন মিউটেচন- Acquired gene mutations
আহৰণ কৰা মিউটেচন (Acquired gene mutation)
হৈছে খাদ্যনলীৰ কৰ্কট ৰোগৰ কাৰণ হোৱা বেছিভাগ জিনৰ মিউটেচন বা পৰিবৰ্তন ৷ অৰ্থাৎ ব্যক্তিৰ জীৱনকালত এইবোৰ সংঘটিত হয় যদিও সন্তানলৈ এইবোৰ সংক্ৰমিত নহয়।
ধঁপাত আৰু মদ্যপানৰ দৰে কিছুমান বিপদজনক কাৰকে সম্ভৱতঃ এই Acquired gene mutation ৰ সৃষ্টি কৰাত ভূমিকা পালন কৰে, কিন্তু এতিয়ালৈকে ইয়াৰ বেছিভাগৰ কাৰণ কি সেয়া এতিয়াও স্পষ্টকৈ জনা হোৱা নাই।
খাদ্যনলীৰ কৰ্কট ৰোগৰ লক্ষণসমূহ – What are the symptoms of esophageal cancer?

খাদ্যনলীৰ কৰ্কট ৰোগৰ লক্ষণসমূহ লক্ষ্যণীয় নহবও পাৰে যেতিয়ালৈকে কেন্সাৰ advanced stage নাপায়গৈ ৷ খাদ্যনলীৰ কৰ্কট ৰোগৰ লক্ষণসমূহ আৰম্ভণিতে মৃদু বা বিৰক্তিকৰ আৰু তাৰ পিছত ক্ৰমান্বয়ে গুৰুতৰ হবলৈ আৰম্ভ কৰে৷
খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰথম লক্ষণ কি?
সাধাৰণতে গিলিবলৈ অসুবিধা হোৱাটো খাদ্যনলীত হোৱা কৰ্কট ৰোগৰ প্ৰথম লক্ষণ বুলি কব পাৰি। ৰোগীয়ে এনে অনুভৱ কৰিব পাৰে যে খাদ্য ডিঙিত বা বুকুত লাগি ধৰিছে, যাৰ ফলত choking হ’ব পাৰে। যদিও এই লক্ষণ আৰম্ভণিতে প্ৰায়ে মৃদু হয়, টিউমাৰ বাঢ়ি অহাৰ লগে লগে এয়া সাধাৰণতে গুৰুতৰ হৈ পৰে আৰু শেষত তৰল পদাৰ্থ গিলিবলৈও অসুবিধা হব ধৰে।
খাদ্যনলীৰ কৰ্কট ৰোগৰ অন্যান্য লক্ষণসমূহ হলঃ
ক্ষুধাৰ পৰিৱৰ্তন
যিহেতুকে গিলিবলৈ অসুবিধা পোৱা বাবে কিছুমান ৰোগীয়ে খাদ্য গ্ৰহণত অসুবিধা পায় বা কম খাদ্য খাব ধৰে তেনেস্থলত বিপাকীয় পৰিৱৰ্তন বা ভোক কমিও পাৰে।
গিলিলে বুকুৰ বিষ
টিউমাৰৰ ফলত বুকুৰ মাজভাগত চাপ পৰে যাৰবাবে বিষৰ দৰে অনুভৱ হব পাৰে। কেন্সাৰৰ ক্ষেত্ৰত বুকুৰ বিষ সাধাৰণতে দীৰ্ঘদিনীয়া হয়, অৰ্থাৎ ই নাইকিয়া হয় নাযায়। যিকোনো খাদ্য নতুবা তৰল পদাৰ্থ গিলিলেও তীব্ৰ, সাময়িক বিষ হ’ব পাৰে।
বদহজম আৰু বকু জ্বলাপোৰা
খাদ্যনলীত টিউমাৰ হ’লে পেটৰ ওপৰৰ অংশত অস্বস্তি হ’ব ধৰে যাব বাবে বদহজম আৰু বকু জ্বলাপোৰা হোবা যেন লাগে৷
কৰ্কশ মাত
খাদ্যনলীৰ টিউমাৰে vocal cord ওপৰত চেপি ধৰিব পাৰে, যাৰ ফলত ৰোগীৰ মাতৰ পৰিৱৰ্তন হ’ব পাৰে। কিছুমান ক্ষেত্ৰত laryngeal nerve palsy নামৰ অৱস্থাৰ ফলত vocal cord ৰ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব পাৰে৷
দীৰ্ঘদিনীয়া কাঁহ
খাদ্যনলীৰ টিউমাৰৰ ফলত অতিৰিক্ত শ্লেষ্মা বা ৰক্তক্ষৰণ হ’ব পাৰে, যাৰ ফলত স্থায়ীভাবে কাঁহৰ সৃষ্টি হব পাৰে।
তেজ বমি হোৱা
টিউমাৰৰ ফলত ডিঙিত ৰক্তক্ষৰণ হ’ব পাৰে, যাৰবাবে ৰোগীয়ে বমি কৰিলে কিছুপৰিমাণে তেজ লক্ষ্য কৰিব পাৰে। তেজৰ ফলত শৌচ ক’লাও হ’ব পাৰে। প্ৰচণ্ড ৰক্তক্ষৰণৰ ফলত ৰক্তহীনতা আৰু তেজ ক্ষয় হোৱাৰ বাবে ভাগৰুৱা হ’ব পাৰে।
মেটাষ্টেটিক খাদ্যনলীৰ কৰ্কট ৰোগৰ লক্ষণ
খাদ্যনলীৰ কৰ্কট ৰোগ ওচৰৰ টিচ্যু নতুবা শৰীৰৰ দূৰৈৰ অংশলৈও বিয়পিব পাৰে (metastasis)। যদি খাদ্যনলীৰ কেন্সাৰ হাড়, হাওঁফাওঁ বা যকৃতৰ দৰে অংশত মেটাষ্টেজ হয় তেন্তে বিভিন্ন লক্ষণ দেখা দিব পাৰে।
চাৰিওফালৰ স্নায়ুলৈ বিয়পি পৰা কৰ্কট ৰোগৰ ফলত স্নায়ুৰ পক্ষাঘাত (paralysis), কৰ্কশ মাত, মেৰুদণ্ডৰ বিষ , হিকটি হ’ব পাৰে।
কৰ্কট ৰোগ হাড়লৈ বিয়পি গলে হাড়ৰ বিষ হ’ব পাৰে।
কৰ্কট ৰোগ হাওঁফাওঁলৈ বিয়পি গলে উশাহ লোৱাত কষ্ট বা বুকুৰ বিষ হ’ব পাৰে।
কৰ্কট ৰোগ যকৃতলৈ বিয়পি গলে পেটৰ বিষ বা ফুলা যেন হ’ব পাৰে।
কৰ্কট ৰোগ মগজুলৈ বিয়পি গলে মূৰৰ বিষ বা চিজাৰ হ’ব পাৰে।